অসম সৎনামী যুৱ পৰিষদ আৰু মহিলা সমিতিৰ কাৰ্যকৰ্তা সকলৰ প্ৰশংসনীয় পদক্ষেপ



কলিয়াবৰ সমজিলাৰ অন্তৰ্গত দলগাঁও বামুণভেটিৰ পৰা উজনিৰ শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়োৱা হয়। দলগাঁও সৎনামী সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত বন্যাৰ্তসকলক পাৰ্য্যমানে বান সাহায্য বিতৰণ কৰা হয়।



বান সাহায্য হিচাপে চাউল, দাইল, মিঠাতেল, আলু, পিয়াঁজ, বিস্কুট, পানী বটল, কচুৱা, চাবোন, মমবাতি, মেচ আদি নিত্য প্ৰয়োজনীয় সা-সামগ্ৰী প্ৰদান কৰা হয়।

আগষ্ট মাহৰ ১ তাৰিখে শিৱসাগৰ টাউন, গৌৰীসাগৰ, পানবেচা আৰু বেতবাৰী গাঁৱৰ বন্যাৰ্তৰ মাজত বিতৰণ কৰা হয় বান সাহায্য।

অসম সৎনামী যুৱ পৰিষদৰ কেইবাগৰাকী কাৰ্যকৰ্তা আৰু মহিলা সমিতিৰ প্ৰচেষ্টাত এই মহান পদক্ষেপ লোৱা হৈছে। দলগাঁও সৎনামী সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত বন্যাৰ্তসকলক পাৰ্য্যমানে খাদ্য সামগ্ৰীৰ লগতে কিছু প্ৰয়োজনীয় সা-সামগ্ৰী প্ৰদান কৰি উৎফুল্লিত যুৱক আৰু মহিলা সকল।



দলগাঁও বাসী ৰাইজক দান-বৰঙনি আগবঢ়োৱা বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে যুৱক আৰু মহিলা সকলে।