প্ৰয়াত দীপচন্দ্ৰ সৎনামীদেৱৰ বিয়োগত.....




শোণিতপুৰ জিলাৰ বাঁহবেৰা নিবাসী প্ৰয়াত দীপচন্দ্ৰ সৎনামীদেৱে যোৱা ইং ১১ জুলাই ২০২৬ তাৰিখে ইহলীলা সম্বৰণ কৰে। পুৱা ১০ বাজি ৩০ মিনিটত তেওঁ এই ইহ-সংসাৰৰ মায়া-মোহ এৰি অনন্ত ধামলৈ গতি কৰে। তেখেতৰ মৃত্যুত সমাজৰ এক অপূৰণীয় ক্ষতি সাধন হয়। সৎনামী সমাজে আজি এগৰাকী অভিভাৱকক হেৰুৱাব লগা হয়। তেখেত এগৰাকী নিষ্ঠাবান কৰ্মী আছিল। সমাজৰ প্ৰতিটো অনুষ্ঠানত তেখেত উপস্থিত থাকে। তেওঁ এগৰাকী অমায়িক, মৃদুভাষী আৰু সহজ-সৰল মনৰ ব্যক্তি আছিল।

তেওঁ সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতিৰ পদ অলংকৃত কৰিছিল। পৰৱৰ্তী সময়ত ২০২৫ চনৰ কলিয়াবৰ অধিৱেশনত কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তেওঁ উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেখেত পেচাত এগৰাকী শিক্ষক আছিল। বাঁহবেৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ নিজৰ পত্নী, এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক এই ইহ-সংসাৰত এৰি থৈ যায়।

অসম সৎনামী যুৱ পৰিষদৰ তৰফৰ পৰা তেখেতলৈ যাচিলোঁ অশ্ৰুসিক্ত নয়নভৰা একাঁজলি শ্ৰদ্ধাঞ্জলি। তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি আৰু সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।