হোজাই জিলাৰ বৰপুখুৰী গাঁৱত অনুষ্ঠিত হয় সজাগতা সভা


আজি হোজাই জিলাৰ বৰপুখুৰী গাঁৱত এখন সজাগতা সভা অনুষ্ঠিত হয়। যোৱা ইং ২৫ মে' তাৰিখে হোজাই বৰপুখুৰী গাঁৱত সৎনামী সম্প্ৰদায়ৰ এগৰাকী ৬/৭ বছৰীয়া নাবালিকা শিশুক ইছলাম ধৰ্মী এজন ১১ বছৰীয়া যুৱকে অনৈতিক কাৰ্য সংঘটিত কৰে। উক্ত ঘটনাক লৈ এখনি সজাগতা সভা অনুষ্ঠিত হয়। লগতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহ'বৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা হয়।



ঘটনাৰ পিছদিনা দোষীক কৰায়ত্ত কৰিবৰ চাহ জনগোষ্ঠী জাতীয় মহাসভা, চাহ জনগোষ্ঠী মৰ্চা, আছা, আটছাকে ধৰি কেইবাটাও দল-সংগঠনৰ নেতৃবৃন্দই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে দোষীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। অসম সৎনামী যুৱ পৰিষদৰ তৰফৰ পৰা উক্ত নেতৃস্থানীয় ব্যক্তি সকলক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়।



আজিৰ সভাত সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদ, অসম সৎনামী যুৱ পৰিষদ, চাহ জনগোষ্ঠী জাতীয় মহাসভা, চাহ জনগোষ্ঠী মৰ্চা, চাহু সমাজ, আছা, আটছাকে ধৰি কেইবাটাও জাতীয় দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।



সভাত উপস্থিত স্থানীয় ৰাইজ, আই-মাতৃ আৰু যুৱক-যুৱতীক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হয়। লগতে সংগঠিত হৈ সুৰক্ষিত থাকিবলৈ অনুৰোধ জনোৱা হয়।