অসমৰ জীয়ৰী ৰূপামনি গড়ে ৰচিলে ইতিহাস


অসমৰ লগতে চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা হিচাপে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এক নতুন ইতিহাস ৰচনা কৰিলে লক্ষীমপুৰৰ ৰূপামনি গড়ে।

মাউণ্ট এভাৰেষ্টত হাতত ত্ৰিৰংগ পতাকা লৈ ৰূপামনি গড়


১০ গৰাকী মহিলা পৰ্বতাৰোহীৰ সৈতে যাত্ৰা কৰিছিল এভাৰেষ্টলৈ। ২১ মে'ত সৰ্বোচ্চ শৃংগ আৰোহন ৰূপামনিৰ। লক্ষীমপুৰৰ ন-গাঁও পথাৰ নিবাসী জয়সিং গড় আৰু কমলাৱতী গড়ৰ কন্যা ৰূপামনি গড়।

কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰূপামনি ২০২০ চনত ITBP ত যোগদান কৰে। তেওঁ ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো কেৱল মহিলাৰ এভাৰেষ্ট অভিযান দলৰ অংশ আছিল। দলটোত মুঠ ১৪ জন সদস্য আছিল।



২১ মে' তাৰিখে পুৱা ৬:৫২ বজাত তেওঁ মাউন্ট এভাৰেষ্টৰ ৮,৮৪৮ মিটাৰ উচ্চতাত ত্ৰিৰংগ পতাকা উত্তোলন কৰে।



তেওঁৰ এই অনন্য কৃতিত্ব নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। অসম সৎনামী যুৱ পৰিষদৰ তৰফৰ পৰা এভাৰেষ্ট বিজয়ী প্ৰথম অসমীয়া মহিলা ৰূপামনি গড়লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।