শ্ৰদ্ধেয় হীৰাদাস সৎনামীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি


জন্ম হ'লে মৃত্যু অনিবাৰ্য। তাকেই সৰোগত কৰি কাৰ্বি আংলং জিলাৰ হাতীদণ্ডি গাঁও নিবাসী শ্ৰদ্ধেয় হীৰাদাস সৎনামীদেৱে আজি পুৱা প্ৰায় ৮ মান বজাত বাৰ্ধক্যজনিত কাৰণত এই ইহ সংসাৰৰ পৰা বিদায় লয়। তেখেতৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।



সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদৰ তেওঁ এগৰাকী সক্ৰিয় সদস্য আছিল। সংগঠনৰ দায়িত্বত থকা সময়ত তেওঁ নিষ্ঠাৰে সমাজৰ কাম কৰি গৈছিল।

তেওঁ এগৰাকী অমায়িক, মৃদুভাষী আৰু সহজ-সৰল মনৰ ব্যক্তি আছিল। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত সৎনামীদেৱ সকলোৰে প্ৰিয় আছিল। তেখেতৰ দৰে এগৰাকী নিষ্ঠাবান কৰ্মী পাবলৈ বিৰল। নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক আকোঁৱালি লোৱা সৎনামী দেৱলৈ আজি সমাজে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

তেখেতৰ মৃত্যুত অসম সৎনামী যুৱ পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।