অসম সৎনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি
অসম সৎনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখনৰ কাৰ্যকাল যোৱা ইং ৫ মে' ২০২৬ তাৰিখে সামৰণি পৰে। শোণিতপুৰ জিলাৰ ডফলাবিল গাঁৱত ৫ মে' তাৰিখে অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰতিনিধি সভাত পুৰণা সমিতি খন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। সৰ্বসন্মতিক্ৰমে নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে পুনৰ পৱন সৎনামীক আৰু সাধাৰণ সম্পাদক হিচাপে কৃষ্ণ কুৰ্ৰেক দায়িত্ব অৰ্পণ কৰা হয়।
কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ মুঠ সদস্য সংখ্যা ৩১ জন। প্ৰতিষ্ঠা দিৱসৰ প্ৰতিনিধি সভাত কেইখনমান জিলাৰ প্ৰতিনিধি অনুপস্থিত থকা হেতুকে সমিতি খন পূৰ্ণাংগ কৰিব পৰা নগ'ল, যদিও ১৫ গৰাকী বিষয়ববীয়াক দায়িত্ব অৰ্পণ কৰি নতুন সমিতি গঠন কৰা হয়। পৰৱৰ্তী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সমিতি খন পূৰ্ণাংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
নৱনিৰ্বাচিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়াৰ তালিকাখন তলত উল্লেখ কৰা হ'ল -
১/ শ্ৰীপৱন সৎনামী - সভাপতি
২/ শ্ৰীকৃষ্ণ কুৰ্ৰে - সাধাৰণ সম্পাদক
৩/ শ্ৰীনবীন কুমাৰ সৎনামী - উপ সভাপতি
৪/ শ্ৰীদীপক বনৰাজ - উপ সভাপতি
৫/ শ্ৰীধনকুমাৰ সৎনামী - সহকাৰী সম্পাদক
৬/ শ্ৰীহীৰালাল সৎনামী - সাংগঠনিক সম্পাদক
৭/ শ্ৰীপ্ৰদীপ সৎনামী - প্ৰচাৰ সম্পাদক
৮/ শ্ৰীশংকৰ সৎনামী - প্ৰচাৰ সম্পাদক
৯/ শ্ৰীলেসিওন বনৰাজ - শিক্ষা সম্পাদক
১০/ শ্ৰীমুনেশ কুৰ্ৰে - বিত্ত সম্পাদক
১১/ শ্ৰীকমল সৎনামী - সাংস্কৃতিক সম্পাদক
১২/ শ্ৰীসঞ্জয় সৎনামী - ক্ৰীড়া সম্পাদক
১৩/ শ্ৰীতেজৰাজ সৎনামী
১৪/ শ্ৰীৰাজকুমাৰ সৎনামী
১৫/ শ্ৰীধনকান্ত সৎনামী
নৱনিৰ্বাচিত সকলো বিষয়ববীয়াক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণ কুৰ্ৰেয়ে।

0 Comments