অসম সৎনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন





শোণিতপুৰ জিলাৰ ১ নং ডফলাবিল সৎনামী নামঘৰ প্ৰাঙ্গণত ৫ মে' ২০২৬ তাৰিখে অসম সৎনামী যুৱ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পোনপ্ৰথমে গুৰু ঘাসীদাস বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি গুৰু বন্দনা কৰা হয়। গুৰু বন্দনাৰ আঁত ধৰে অসম সৎনামী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা ৰাজকুমাৰ সৎনামীয়ে। ইয়াৰ পিছত পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সৎনামীয়ে। পতাকা উত্তোলনৰ পিছত শ্বহীদ তৰ্পণ কৰা হয় আৰু এখনি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নবীন কুমাৰ সৎনামীয়ে।

সাংস্কৃতিক শোভাযাত্ৰা


ইয়াৰ পিছত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাত সাধাৰণ সম্পাদক কৃষ্ণ কুৰ্ৰেয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। সভাত যুৱ পৰিষদৰ টি-চাৰ্ট মুকলি কৰা হয়। লগতে পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হয়। সৰ্বসন্মতিক্ৰমে নৱগঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি হিচাপে পুনৰবাৰ পৱন সৎনামীক আৰু সম্পাদক হিচাপে পুনৰ কৃষ্ণ কুৰ্ৰেক দায়িত্ব অৰ্পণ কৰা হয়।

বিয়লি এক বজাত পৱন সৎনামীৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়। সভাত আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সম্পাদক লেচিওন বনৰাজে। উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণ কুৰ্ৰেয়ে। সভাত নৱনিযুক্ত বিষয়ববীয়া সকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। লগতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক একোখনকৈ মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।


সভাত কেইবাগৰাকী গণ্যমান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। সভাত উপস্থিত থাকে অসম সৎনামী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা ৰাজকুমাৰ সৎনামী, সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদৰ সম্পাদক দীপচান্দ সৎনামী, সহকাৰী সম্পাদক কেশৱ সৎনামী, যুৱ পৰিষদৰ উপদেষ্টা ওমপ্ৰকাশ সৎনামী, সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ সভাপতি হৰদুৱাৰ সৎনামী, কল্যাণ পৰিষদৰ শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি দীপক সৎনামী, সমাজকৰ্মী হীৰালাল সৎনামী, শংকৰ সৎনামী, গুঞ্জৰলাল সৎনামী, সন্ধু সৎনামী, দশৰথ বনৰাজকে আদি কৰি সমাজৰ মাহান্ত, ভাণ্ডাৰী, আই-মাতৃ আৰু যুৱক-যুৱতী সকল উপস্থিত থাকে।

মুকলি সভা

শলাগৰ শৰাই আগবঢ়ায় উদযাপন সমিতিৰ সভাপতি দীপক সৎনামীয়ে।

যুৱ পৰিষদৰ টি-চাৰ্ট মুকলি