অসম সৎনামী যুৱ পৰিষদ
অসম সৎনামী যুৱ পৰিষদ অসমৰ সৎনামী সমাজৰ যুৱ সংগঠন। ই এটা অৰাজনৈতিক সামাজিক সংগঠন। ইয়াৰ নিজা এটা ল'গ' আৰু এখন পতাকা আছে। ই নিজৰ সংবিধানৰ নীতি-নিয়ম অনুসৰি পৰিচালিত হয়। অসমৰ প্ৰতিখন জিলা, আঞ্চলিক আৰু প্ৰাথমিক সমিতিৰ প্ৰতিনিধিৰ দ্বাৰা গণতান্ত্ৰিক পদ্ধতিৰে ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। অসম সৎনামী যুৱ পৰিষদৰ বৰ্তমান কেন্দ্ৰীয় সভাপতি পৱন সৎনামী আৰু সাধাৰণ সম্পাদক কৃষ্ণ কুৰ্ৰে। অসম সৎনামী যুৱ পৰিষদৰ "গণপ্ৰবাহ" নামৰ এখন মুখপত্ৰ আছে।
গঠনঃ
অসমীয়া জাতিৰ অন্যতম অংগ স্বৰূপ বৃহত্তৰ আদিবাসী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত সৎনামী জাতিৰ যুৱ প্ৰজন্মক অনাগত সময়ত শৈক্ষিক, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক আদি দিশত সঠিকৰূপে আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে ২০২০ চনৰ ৫ মে' তাৰিখে অসম সৎনামী যুৱ পৰিষদে প্ৰতিষ্ঠা লাভ কৰিছিল। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি পৱন সৎনামী আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কৃষ্ণ কুৰ্ৰে।
ইতিহাসঃ
অসমৰ প্ৰতিখন গাঁৱৰ সৎনামী সমাজৰ যুৱক সকলক একত্ৰিত কৰি শৈক্ষিক, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক আদি দিশত আগুৱাই নিবলৈ পৱন সৎনামী, কৃষ্ণ কুৰ্ৰে, মুনেশ সৎনামী আৰু দীপক সৎনামীৰ নেতৃত্বত অনলাইন মাধ্যমেৰে ৫ মে' ২০২০ তাৰিখে অসম সৎনামী যুৱ পৰিষদৰ গঠন কৰা হৈছিল। সেই সময়ত সমগ্ৰ বিশ্বক মহামাৰী কৰোনাই গ্ৰাস কৰি আছিল। ২০২২ চনত সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদৰ বিষয়ববীয়া সকলৰ উপস্থিতিত ইয়াক পূৰ্ণাঙ্গ ৰূপ দিয়া হয়।
সংবিধানঃ
অসম সৎনামী যুৱ পৰিষদৰ নিজা এখন সংবিধান আছে। সংবিধানৰ নীতি-নিয়ম অনুসৰি ই পৰিচালিত হয়। ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ যিকোনো আগ্ৰহী যুৱক অসম সৎনামী যুৱ পৰিষদৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হ'ব পাৰে।
সংবিধান প্ৰস্তুত সমিতি -
সভাপতি - পৱন সৎনামী
সম্পাদক - কৃষ্ণ কুৰ্ৰে
সদস্যবৃন্দ - দীপক সৎনামী, মুনেশ সৎনামী, নবীন কুমাৰ সৎনামী।
প্ৰতিষ্ঠা দিৱসঃ
অসম সৎনামী যুৱ পৰিষদে প্ৰতিবছৰে ৫ মে' তাৰিখটো প্ৰতিষ্ঠা দিৱস ৰূপে পালন কৰি আহিছে। লগতে সমাজৰ ঐতিহ্য, শিক্ষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

0 Comments