কলিয়াবৰ দলগাঁৱত পালন কৰা হয় ৫৪ সংখ্যক মিনীমাতা স্মৃতি দিৱস


১১ আগষ্ট ২০২৬
: কলিয়াবৰ সমজিলাৰ অন্তৰ্গত দলগাঁও বামুণভেটি গাঁৱত ১১ আগষ্ট তাৰিখে উদযাপন কৰা হয় মিনীমাতা স্মৃতি দিৱস। পোনপ্ৰথমে মিনীমাতাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছত গাঁৱৰ পুৰুষ-মহিলাই মিলি আৰতি কৰে আৰু পন্থী-মংগল আৰু ভজন-কীৰ্তন কৰা হয়।

১৯১৩ চনৰ ১৩ মাৰ্চ তাৰিখে দলগাঁৱত জন্মগ্ৰহণ কৰা মমতাময়ী মিনীমাতাৰ ১৯৭২ চনৰ ১১ আগষ্ট তাৰিখে এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল। মিনীমাতা ছত্তীশগঢ়ৰ প্ৰথম মহিলা সাংসদ আছিল। তেওঁ ১৯৩২ চনত অসমৰ পৰা বিবাহ সূত্ৰে ছত্তীশগড়লৈ গৈছিল আৰু তাত গুৰু অগমদাসৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ ১৯৫২ চনৰ পৰা ১৯৭২ চনলৈকে ছত্তীশগড়ৰ লোকসভাৰ সাংসদ আছিল।

সত্য, অহিংসা, পৰোপকাৰ আৰু ৰাষ্ট্ৰীয় একতা তেওঁৰ জীৱনৰ মূল উদ্দেশ্য আছিল। তেওঁ দৰিদ্ৰ, অসহায় আৰু অনাথসকলৰ কাৰণে চিন্তা-চৰ্চা কৰিছিল। তেওঁ সদনত ১৯৫৬ চনত মিনীমাতা অস্পৃশ্যতা নিবাৰণ আইন প্ৰণয়ন কৰালে। তেওঁ অনাথ শিশু সকলৰ ব্যৱস্থা, শিক্ষা, নাৰী শিক্ষা, বাল্য বিবাহ বন্ধ, যৌতুক প্ৰথা বন্ধ আদি ব্যৱস্থা কৰিলে। তেওঁ ভাৰতীয় ৰেলৱে বোৰ্ডৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল। নাৰীৰ মৰ্যাদা আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

তেখেতৰ মৃত্যু দিনটোক সমগ্ৰ ভাৰতবাসী সৎনামী ৰাইজে মিনীমাতা স্মৃতি দিৱস হিচাপে পালন কৰি আহিছে। দলগাঁৱৰ সমূহ ৰাইজ আৰু আই-মাতৃৰ সহযোগত পালন কৰা হয় মিনীমাতা স্মৃতি দিৱস।

অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদৰ সভাপতি মানদাস সৎনামী, মুখ্য উপদেষ্টা ইন্দল সৎনামী, অসম সৎনামী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক কৃষ্ণ কুৰ্ৰে, পণ্ডিত গোপাল সৎনামী, ভাণ্ডাৰী চাধু সৎনামী, কিচুন সৎনামী, গাঁৱৰ বুদ্ধিজীৱী, আই-মাতৃ আৰু যুৱক-যুৱতী সকল উপস্থিত থাকে।