অসম সৎনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা
অসম সৎনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু নৱগঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানটি অহা ইং ২৪ মে' ২০২৬ তাৰিখ ৰবিবাৰে নগাঁও জিলাৰ কলিয়াবৰ চিকনীপথাৰ স্থিত মিনীমাতা ভৱনত আয়োজন কৰা হৈছে।
উক্ত সভালৈ অসমৰ প্ৰতিখন সৎনামী গাঁৱৰ যুৱক সকলক উপস্থিত থাকিবলৈ আহ্বান জনায় কেন্দ্ৰীয় সমিতিৰ সম্পাদক কৃষ্ণ কুৰ্ৰেয়ে। উক্ত সভাতে জিলা সমিতি সমূহ গঠন কৰিবৰ বাবে আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হ'ব।
0 Comments